ৰাছিয়াৰ ছামাৰা অঞ্চলৰ Rosneftৰ নোভ’কুইবিছেভস্ক তেল শোধনাগাৰত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণ।
মস্কো/কিয়েভ, ৩০ অক্টোবৰ: ৰাছিয়াৰ তেল উদ্যোগক লক্ষ্য কৰি পুনৰ ড্ৰ’ন আক্ৰমণ চলালে ইউক্ৰেইনে।
এই আক্ৰমণৰ জৰিয়তে ৰাছিয়াৰ তেল শোধনাগাৰসমূহক লক্ষ্য কৰি চলোৱা অভিযানত প্ৰায় দুসপ্তাহৰ অনানুষ্ঠানিক বিৰতিৰ অন্ত পৰিল।
নোভ’কুইবিছেভস্ক শোধনাগাৰটো ৰাছিয়াৰ ৰাষ্ট্ৰনিয়ন্ত্ৰিত তেল কোম্পানী Rosneftৰ মালিকানাধীন।
ইউক্ৰেইনে ৰাছিয়াৰ তেল শোধনাগাৰ, ইন্ধনৰ ভঁৰাল আৰু শক্তি আন্তঃগাঁথনি লক্ষ্য কৰি ধাৰাবাহিকভাৱে ড্ৰ’ন আক্ৰমণ চলাই আহিছে।
newznow.in