অসম কলেজ শিক্ষক সংস্থাৰ আহ্বানত ৰাজ্যজুৰি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে লংকা মহাবিদ্যালয়ৰ শিক্ষকসকলেও অৱস্থান ধৰ্মঘট পালন কৰে।
লংকা, ৩০ অক্টোবৰ: কলেজ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত লংকা মহাবিদ্যালয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে মহাবিদ্যালয়খনৰ শিক্ষক গোটে।
অসম কলেজ শিক্ষক সংস্থাই ৰাজ্যজুৰি আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে লংকা মহাবিদ্যালয়তো এই অৱস্থান ধৰ্মঘট পালন কৰা হয়।
শিক্ষকসকলৰ পদোন্নতি নিৰ্ধাৰিত সময়ত প্ৰদান কৰা, মিউচুৱেল ট্ৰেন্সফাৰৰ ব্যৱস্থা কৰা আদি বিভিন্ন দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষকসকলে।
শিক্ষকসকলৰ অভিযোগ, দীৰ্ঘদিন ধৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।
newznow.in