অসম

মাজুলীত নাবালিকা ছাত্ৰীক ধৰ্ষণ: বিদ্যালয়ৰ চকীদাৰক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

মাজুলীৰ বিশেষ পকছ' আদালতে অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণৰ অপৰাধত বিদ্যালয়ৰ চকীদাৰ মাধৱ মিলিক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে।

২ / ৫

মাজুলী: বিদ্যালয় চৌহদত অষ্টম শ্ৰেণীৰ এগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰাৰ অপৰাধত বিদ্যালয়ৰ চকীদাৰ মাধৱ মিলিক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে মাজুলীৰ বিশেষ পকছ' আদালতে।

৩ / ৫

অভিযোগকাৰী পক্ষৰ মতে, বিদ্যালয়ৰ চকীদাৰ হিচাপে থকা দায়িত্বৰ অপব্যৱহাৰ কৰি মাধৱ মিলিয়ে ছাত্ৰীগৰাকীক যৌন নিৰ্যাতন চলাইছিল।

৪ / ৫

ৰায়দানৰ সময়ত আদালতে কয় যে, বিদ্যালয়ৰ কৰ্মচাৰীয়ে বিদ্যালয়ৰ ভিতৰতে এগৰাকী ছাত্ৰীৰ ওপৰত এনে অপৰাধ সংঘটিত কৰাটো সমাজৰ মৌলিক আস্থাৰ ওপৰত আঘাত।

৫ / ৫

ৰায়দানৰ পিছতে মাধৱ মিলিক কাৰাদণ্ড ভোগৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

মাজুলীত নাবালিকা ছাত্ৰীক ধৰ্ষণ: বিদ্যালয়ৰ চকীদাৰক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক