অসম

গুৱাহাটীত অনুষ্ঠিত সমন্বয় বৈঠকত ড্ৰাগছ সৰবৰাহ চক্ৰ উৎখাতত আৰ্থিক লেনদেন অনুসৰণৰ আহ্বান

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটীত অনুষ্ঠিত সমন্বয় বৈঠকত ড্ৰাগছ জব্দতে সীমাবদ্ধ নাথাকি সৰবৰাহ চক্ৰৰ আৰ্থিক লেনদেন অনুসৰণ কৰি সমগ্ৰ নেটৱৰ্ক উৎখাতৰ ওপৰত গুৰুত্ব দিয়া হয়।

২ / ৫

গুৱাহাটী, ৭ নৱেম্বৰ: অসমত ড্ৰাগছবিৰোধী অভিযান ত কেৱল পৃথক জব্দ অভিযানৰ ওপৰত নিৰ্ভৰ নকৰি সৰবৰাহকাৰী চক্ৰৰ সম্পূৰ্ণ নেটৱৰ্ক উৎখাত আৰু আৰ্থিক লেনদেনৰ পথ অনুসৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

৩ / ৫

শনিবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত তৃতীয় ত্ৰৈমাসিক ৰাজ্যিক পৰ্যায়ৰ যুটীয়া সমন্বয় সমিতিৰ বৈঠকত এই বিষয়ত আলোচনা হয়।

৪ / ৫

বৈঠকত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা, এনফৰ্চমেণ্ট ডাইৰেক্টৰেট, ৰাজহ গোয়েন্দা সঞ্চালকালয়, সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, সশস্ত্ৰ সীমা বল, ৰে'লৱে সুৰক্ষা বাহিনী…

৫ / ৫

অসমত ড্ৰাগছৰ পৰিস্থিতি, নতুন সৰবৰাহ পথ, অভিযান চলোৱাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যা আৰু মাদকদ্ৰব্য আৰু মনঃপ্ৰভাৱী পদাৰ্থ আইনৰ অধীনৰ গুৰুত্বপূৰ্ণ গোচৰসমূহ বৈঠকত পৰ্যালোচনা কৰা হয়।

গুৱাহাটীত অনুষ্ঠিত সমন্বয় বৈঠকত ড্ৰাগছ সৰবৰাহ চক্ৰ উৎখাতত আৰ্থিক লেনদেন অনুসৰণৰ আহ্বান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক