ভাৰতৰ নিজা নেভিগেচন ব্যৱস্থা NavIC শক্তিশালী কৰিবলৈ ISROই সফলতাৰে NVS-03 উপগ্ৰহ উৎক্ষেপণ কৰিছে।
নতুন দিল্লী, ৩১ অক্টোবৰঃ ভাৰতৰ নিজা উপগ্ৰহ-ভিত্তিক নেভিগেচন ব্যৱস্থা NavIC অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে Indian Space Research Organisation (ISRO)-এ সফলতাৰে উৎক্ষেপণ কৰিলে NVS-03 উপগ্ৰহ।
প্ৰায় ২,২৩২ কিলোগ্ৰাম ওজনৰ NVS-03 উপগ্ৰহটোক নিৰ্ধাৰিত Geosynchronous Transfer Orbit (GTO)ত স্থাপন কৰিবলৈ সক্ষম হয় ISRO।
NVS-03 হৈছে ISROৰ দ্বিতীয় প্ৰজন্মৰ নেভিগেচন উপগ্ৰহ শৃংখলাৰ তৃতীয়টো উপগ্ৰহ।
এই উপগ্ৰহটোৰ অন্যতম বিশেষত্ব হৈছে ইয়াত সংযোজন কৰা দেশীয়ভাৱে নিৰ্মিত পাৰমাণৱিক ঘড়ী।
newznow.in