জাঁজি-হাঁহচৰা অঞ্চলত আৰু যোৰহাটৰ কেইবাঠাইত মেঘালয়ৰ অবৈধ কয়লা কঢ়িওৱা ট্ৰাক ৰখাৰ অভিযোগ উঠিছে।
জাঁজি আৰু হাঁহচৰাৰ মাজত প্ৰায় ৩০খন কয়লাভৰ্তি ট্ৰাক তিনি দিন ধৰি ৰখাই থোৱাৰ অভিযোগ উঠিছে।
সজীৱ সম্প্ৰচাৰত কোৱা হয়, ট্ৰাককেইখনে মেঘালয়ৰ অবৈধ কয়লা কঢ়িয়াই আনিছে।
অভিযোগ অনুসৰি, কিছু ট্ৰাক জাঁজি-হাঁহচৰাৰ মাজত আছে।
এই কয়লা সৰবৰাহৰ সৈতে গুৱাহাটীৰ জেকি আগৰৱালা, গৌৰৱ ৰানা, গৌৰৱ চৌৰাছিয়া, মানৱ দাস, তপন কুমাৰ ভূঞা, ভামিনী মৈদাম আৰু আমগুৰিৰ প্ৰাঞ্জল নামৰ লোক জড়িত বুলি অভিযোগ তোলা হৈছে।
newznow.in