ছিক্কিম শেৰাথাঙত ভাৰত-চীন সীমান্তত মোতায়েন জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
শেৰাথাং (ছিক্কিম), ৮ নৱেম্বৰ: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে ছিক্কিমৰ ভাৰত-চীন সীমান্তৰ সমীপৱৰ্তী শেৰাথাঙত মোতায়েন সেনা জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে।
জোৱানসকলৰ ত্যাগ, কৰ্তব্যনিষ্ঠা আৰু কঠিন পৰিস্থিতিত সীমান্তত সজাগ থাকি সেৱা আগবঢ়োৱাৰ বাবেই দেশবাসীয়ে শান্তিপূৰ্ণভাৱে দীপাৱলী উদযাপন কৰিব পাৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।
দীপাৱলীৰ দিনা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী ছিক্কিমৰ শেৰাথাঙত উপস্থিত হয়।
ইয়াৰ পাছত সিঙে সীমান্তত মোতায়েন জোৱানসকলৰ সৈতে সাক্ষাৎ কৰে।
newznow.in