জাগীৰোডৰ চুপাৰি এনচিত উদ্যোগ স্থাপনৰ প্ৰস্তাৱক লৈ ৰাজহুৱা শুনানিত স্থানীয় লোকৰ আপত্তি উঠিছে।
শুনানিখনৰ খবৰ সেইদিনা পুৱা ১০ বজাতহে পোৱা বুলি অভিযোগ উত্থাপন হয়।
টপাটলীত প্ৰস্তাৱিত উদ্যোগটোৰ বাবে ৬.৭ হেক্টৰ, অৰ্থাৎ ৪২ বিঘাৰো অধিক মাটি সামৰি লোৱাৰ কথা শুনানিত উত্থাপন হয়।
ইয়াৰ পূৰ্বে স্থাপিত প্ৰগ্ৰেছিভ ফাৰ্টিলাইজাৰ্ছ উদ্যোগৰ পৰা বিষাক্ত পানী ওলোৱাৰ ফলত মাছ, কুচিয়া, কেঁকুৰা, ধানখেতি আৰু মানুহৰ স্বাস্থ্যৰ ক্ষতি হৈছে বুলি শুনানিত অভিযোগ কৰা হয়।
প্ৰস্তাৱিত উদ্যোগটো ৰাসায়নিকধৰ্মী হ’লে কৃষিজমি, পানী আৰু সেউজীয়া পৰিৱেশৰ ওপৰত অধিক চাপ পৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰা হয়।
newznow.in