অসম

জুবিন গাৰ্গৰ স্মৃতিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ ৫১ হাজাৰ টকা

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটীত ‘ঈশ্বৰ পুত্ৰ’ নাটকৰ এখন প্ৰদৰ্শনীৰ সমগ্ৰ আয় কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ দান কৰিলে হেঙুল থিয়েটাৰে।

২ / ৫

গুৱাহাটী: প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত হেঙুল থিয়েটাৰে ‘ঈশ্বৰ পুত্ৰ’ নাটকৰ এখন প্ৰদৰ্শনীৰ সমগ্ৰ আয় কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ দান কৰিছে।

৩ / ৫

দেওবাৰে গুৱাহাটীৰ গণেশগুৰিস্থিত গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত তিনিদিনীয়া উৎসৱৰ দ্বিতীয় দিনৰ তৃতীয়খন প্ৰদৰ্শনীৰ পৰা এই ধন সংগ্ৰহ কৰা হয়।

৪ / ৫

জুবিন গাৰ্গে অভাৱগ্ৰস্ত লোকক সহায়ৰ বাবে গঢ়ি তোলা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ হৈ ৰাহুল গৌতম শৰ্মা আৰু জয়ন্ত কাকতিয়ে ধন গ্ৰহণ কৰে।

৫ / ৫

হেঙুল থিয়েটাৰৰ পৰিচালক-প্ৰযোজক সংকল্পজিত হাজৰিকাই কয় যে, তেওঁলোকে ইয়াৰ পূৰ্বেও কলাগুৰু ফাউণ্ডেচনলৈ দান আগবঢ়াইছে।

জুবিন গাৰ্গৰ স্মৃতিত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনলৈ ৫১ হাজাৰ টকা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক