মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণ আৰু দেশৰ নিৰ্বাচনী ব্যৱস্থা নিৰপেক্ষ, স্বচ্ছ আৰু ন্যায্য কৰাৰ দাবীত কংগ্ৰেছৰ আন্দোলন অব্যাহত থাকিব বুলি কে. চি. বেণুগোপালে জনায়।
দেওবাৰে আলাপ্পুঝাত সাংবাদিকৰ সৈতে কথা পাতি বেণুগোপালে স্পষ্ট কৰে যে কংগ্ৰেছৰ প্ৰতিবাদ কেৱল এজন বিষয়াৰ বিৰুদ্ধে নহয়, ই দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ন্যায্যতা আৰু স্বচ্ছতাৰ প্ৰশ্ন।
দলৰ ৰাজ্যিক আৰু জিলা গোটসমূহে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে।
"জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণ নকৰালৈকে আৰু দেশৰ নিৰ্বাচনী ব্যৱস্থাক ত্ৰুটিমুক্ত, নিৰপেক্ষ তথা ন্যায্য কৰাৰ পদক্ষেপ নোলোৱালৈকে আমি আন্দোলনৰ পৰা পিছুৱাই নাহোঁ।
ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ফলত দৰিদ্ৰ লোকসকল ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ আশংকা আছে বুলি তেওঁ অভিযোগ কৰে।
newznow.in