ছত্তীশগড়ৰ যশপুৰত চাৰি বছৰীয়া শিশুক হত্যা কৰি দেহৰ অংগ বিক্ৰীৰ পৰিকল্পনা কৰাৰ অভিযোগত ২৭ বছৰীয়া এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
যশপুৰ, ৯ নৱেম্বৰ: ছত্তীশগড়ৰ যশপুৰ জিলাত দ্ৰুত ধন উপাৰ্জনৰ উপায় বিচাৰি সামাজিক মাধ্যমত অনুসন্ধান চলোৱাৰ পাছত নিজৰ সম্পর্কীয় ভাতৃৰ চাৰি বছৰীয়া পুত্ৰক হত্যা কৰি দেহৰ অংগ বিক্ৰী কৰাৰ…
আৰক্ষীৰ অভিযোগ অনুসৰি, ৫ নৱেম্বৰত শিশুটিক ফুচুলাই ঘৰৰ পৰা লৈ যোৱাৰ পাছত মদ খুৱাই অচেতন কৰি হত্যা কৰা হয়।
যশপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লাল উমেদ সিঙে জনোৱা মতে, ৰামজীত ৰাম প্ৰায় এবছৰ পূৰ্বে কামৰ সন্ধানত পৰিয়ালসহ ছান্না গাঁৱলৈ আহিছিল।
শিশুটি নিৰুদ্দেশ হোৱাৰ দুদিন পাছত পিতৃয়ে আৰক্ষী থানাত অভিযোগ দাখিল কৰে।
newznow.in