মানসাত গুলীয়াই হত্যা কৰা ড্ৰাগছবিৰোধী কৰ্মী পাৰভিন্দৰ সিং ঝোটাৰ মৃতদেহ দেওবাৰে চাকেৰিয়ান ৰোডস্থিত নিজ খেতিপথাৰত দাহ কৰা হয়।
মানসা, ৮ নৱেম্বৰ: ড্ৰাগছবিৰোধী কৰ্মী পাৰভিন্দৰ সিং ঝোটাক গুলীয়াই হত্যাৰ ২৬ দিনৰ পাছত দেওবাৰে মানসাত তেওঁৰ শেষকৃত্য সম্পন্ন হয়।
শেষকৃত্যৰ পূৰ্বে ঝোটাৰ বাসগৃহত বহু লোক উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে।
দেওবাৰে এম্বুলেন্সেৰে চণ্ডীগড়ৰ পৰা ঝোটাৰ মৃতদেহ মানসালৈ অনা হয়।
চাকেৰিয়ান ৰোডৰ খেতিপথাৰত অনুষ্ঠিত শেষকৃত্যত ঝোটাৰ পিতৃ ভীম সিঙে দুই নাতিৰ সৈতে চিতাত অগ্নি সংযোগ কৰে।
newznow.in