ধেমাজিৰ শ্ৰীপানি আঞ্চলিক ছাত্ৰ সন্থাৰ ২৪গৰাকী কাৰ্যকৰ্তাই নেতৃত্বৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি সমূহীয়াভাৱে পদত্যাগ কৰিছে।
ধেমাজি: সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ ধেমাজি জিলাৰ শ্ৰীপানী আঞ্চলিক ছাত্ৰ সন্থাৰ ২৪গৰাকী বিষয়ববীয়া আৰু কৰ্মীয়ে একেলগে পদত্যাগ কৰিছে।
এই ঘটনাক কেন্দ্ৰ কৰি ধেমাজিৰ আছুৰ সাংগঠনিক মহলত চৰ্চাৰ সৃষ্টি হৈছে।
আঞ্চলিক গোটটোৰ সক্ৰিয় বিষয়ববীয়া আৰু কৰ্মীসকলে সামূহিকভাৱে নিজৰ দায়িত্ব ত্যাগ কৰিছে।
শেহতীয়াকৈ ৰাজ্যিক পৰ্যায়তো আছুৰ নেতৃত্ব আৰু সাংগঠনিক পৰ্যায়ত পদত্যাগৰ কেইবাটাও ঘটনা সংঘটিত হোৱাৰ সময়তে শ্ৰীপানীৰ এই সামূহিক পদত্যাগে বিশেষ গুৰুত্ব লাভ কৰিছে।
newznow.in