উত্তৰ ভাৰতৰ প্ৰস্তাৱিত বুলেট ট্ৰেইন কৰিড’ৰ গুৱাহাটীলৈ সম্প্ৰসাৰণৰ ঘোষণা ৰে’ল মন্ত্ৰীৰ।
দিল্লীৰ পৰা গুৱাহাটীলৈ বুলেট ট্ৰেইনেৰে যাত্ৰাৰ সম্ভাৱনা!
প্ৰস্তাৱিত কৰিড’ৰটোৱে দিল্লীৰ পৰা আগ্ৰা, কানপুৰ, লক্ষ্ণৌ, অযোধ্যা, বাৰাণসী, প্ৰয়াগৰাজ, পাটনা আৰু শিলিগুড়ি হৈ গুৱাহাটীক সংযোগ কৰিব।
ৰে’ল মন্ত্ৰীগৰাকীৰ ঘোষণাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰিড’ৰটো গুৱাহাটীলৈ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰিছে।
প্ৰস্তাৱিত উচ্চগতিৰ ৰে’ল কৰিড’ৰটোৱে দিল্লী আৰু গুৱাহাটীৰ মাজৰ যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস কৰিব পাৰে।
newznow.in