ছিমলাত BJP-ৰ ‘লোকতন্ত্ৰ বচাও, অৰাজকতা হটাও’ পদযাত্ৰাত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৭ চনৰ হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত BJP-য়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।
ছিমলা, ১ নৱেম্বৰ: নিৰ্বাচনী তালিকাৰ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
পদযাত্ৰাত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই কয়, “SIR প্ৰক্ৰিয়াৰ জৰিয়তে অনুপ্ৰৱেশকাৰীৰ নাম আঁতৰোৱাৰ বাবেই ৰাহুল গান্ধীয়ে কান্দিছে।” তেওঁৰ অভিযোগ, ভোটাৰ তালিকাত অনুপ্ৰৱেশকাৰীৰ নাম অন্তৰ্ভুক্ত…
অসম আৰু পশ্চিম বংগত অনুপ্ৰৱেশকাৰীৰ সমস্যা আছে বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে যে SIR অবিহনে ভোটাৰ তালিকাৰ পৰা এনে লোকৰ নাম কেনেকৈ আঁতৰোৱা সম্ভৱ হ’ব।
ৰায়বেৰেলী সমষ্টিৰ পৰা ৰাহুল গান্ধীৰ জয়ৰ প্ৰসংগ উত্থাপন কৰি তেওঁ প্ৰশ্ন কৰে যে যদি SIR প্ৰক্ৰিয়াক লৈ কংগ্ৰেছৰ আপত্তি আছে, তেন্তে হিমাচল প্ৰদেশ, কেৰালা আৰু ৰায়বেৰেলীৰ নিৰ্বাচনৰ ক্ষেত্ৰতো…
newznow.in