ধৰ্ষণ, ধন দাবী আৰু নিৰ্বাচনোত্তৰ হিংসাৰ সৈতে জড়িত একাধিক গোচৰৰ তদন্তত ক্যানিং পশ্চিমৰ বিধায়ক পৰেশ ৰাম দাসক কলকাতা বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
কলকাতা, ১০ নৱেম্বৰ: ধৰ্ষণ, ধন দাবী আৰু নিৰ্বাচনোত্তৰ হিংসাৰ সৈতে জড়িত একাধিক গোচৰৰ সন্দৰ্ভত পশ্চিমবংগৰ শাসকীয় তৃণমূল কংগ্ৰেছৰ বিধায়ক পৰেশ ৰাম দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ মতে, মুম্বাই অভিমুখী বিমানত উঠিবলৈ লোৱাৰ সময়তে বিধায়কগৰাকীক আটক কৰা হয়।
বৰুইপুৰ জিলা আৰক্ষীৰ এটা বিশেষ দলে বিধায়কগৰাকীৰ অৱস্থান সম্পৰ্কে তথ্য লাভ কৰাৰ পাছত বিধাননগৰ আৰক্ষীৰ সহযোগত বিমানবন্দৰত অভিযান চলায়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ক্যানিং থানাত ৫ ছেপ্টেম্বৰ, ২০২৬ত পঞ্জীয়ন হোৱা ৫৬১/২০২৬ নম্বৰৰ গোচৰটোৰ সৈতে তেওঁৰ নাম জড়িত।
newznow.in