ঋণ আদায়ৰ নামত হাৰাশাস্তি আৰু অশ্লীল ছবি বিয়পোৱাৰ ভাবুকিৰ অভিযোগৰ পিছত হায়দৰাবাদত এগৰাকী আৰক্ষী কনিষ্টবলে আত্মহত্যা কৰিছে।
হায়দৰাবাদ, ১০ নৱেম্বৰ: ঋণ আদায়ৰ নামত ঋণ এপ পৰিচালনাৰ সৈতে জড়িত লোকৰ মানসিক হাৰাশাস্তি আৰু অশ্লীল ছবি বিয়পোৱাৰ ভাবুকিৰ পিছত হায়দৰাবাদত এগৰাকী ৩১ বছৰীয়া আৰক্ষী কনিষ্টবলৰ আত্মহত্যাৰ ঘটনা…
হৰ্ষগুড়া গাঁৱৰ বাসিন্দা শ্ৰীনু কণ্ডাপুৰ বেটেলিয়নত কৰ্মৰত আছিল।
পাহাড়ীশ্বৰীফ আৰক্ষী থানাৰ পৰিদৰ্শক লক্ষ্মী নাৰায়ণ ৰেড্ডীয়ে জনোৱা অনুসৰি, সময়মতে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ পিছৰে পৰা শ্ৰীনুক বাৰে বাৰে ফোন কৰি হাৰাশাস্তি কৰা হৈছিল।
আৰক্ষীৰ মতে, ঋণ আদায়ৰ বাবে শ্ৰীনু আৰু তেওঁৰ পত্নীৰ অশ্লীল ছবি বিকৃত কৰি পৰিয়ালৰ সদস্যসকল আৰু গাঁৱৰ লোকসকলৰ মাজত বিয়পাই দিয়াৰ ভাবুকি দিয়া হৈছিল।
newznow.in