ছোনিয়া গান্ধীৰ ৫৪৪ পৃষ্ঠাৰ আত্মজীৱনী ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ প্ৰকাশ পাইছে।
নতুন দিল্লী, ১০ নৱেম্বৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ বহু চৰ্চিত আত্মজীৱনী ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ প্ৰকাশ পাইছে।
গ্ৰন্থখনত ইটালীত কটোৱা শৈশৱৰ পৰা ভাৰতলৈ অহা, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে প্ৰথম সাক্ষাৎ, প্ৰেম আৰু বিবাহৰ অভিজ্ঞতা বৰ্ণনা কৰিছে ছোনিয়া গান্ধীয়ে।
ইয়াৰ ভিতৰত সঞ্জয় গান্ধীৰ বিমান দুৰ্ঘটনাত মৃত্যু, ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাকাণ্ড আৰু ১৯৯১ চনত ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ বিষয়ো অন্তৰ্ভুক্ত হৈছে।
গ্ৰন্থখনৰ অন্যতম চৰ্চিত বিষয় হৈছে ১৯৭৫ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জৰুৰীকালীন অৱস্থা।
newznow.in