মণিপুৰত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙৰ পদত্যাগ আৰু নতুন বিধানসভা নিৰ্বাচনৰ দাবী জনাইছে কংগ্ৰেছে।
ইম্ফল: মণিপুৰত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ৱাই খেমচান্দ সিঙৰ পদত্যাগ আৰু বিধানসভাৰ নতুন নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে কংগ্ৰেছে।
২৫ অক্টোবৰত এখন সংবাদমেলত কংগ্ৰেছৰ সাংসদ তথা মণিপুৰৰ দায়িত্বত থকা নেতা সপ্তগিৰি উলাকাই এই দাবীসমূহ উত্থাপন কৰে।
কংগ্ৰেছৰ নেতাসকলে ১৯ অক্টোবৰত খৰি সংগ্ৰহ কৰিবলৈ যোৱা তিনিজন মেইতেই নাগৰিকৰ হত্যাকাণ্ডৰ কথা উল্লেখ কৰে।
২৩ অক্টোবৰত মণিপুৰৰ পাঁচখন জিলাত হাজাৰ হাজাৰ লোকে প্ৰতিবাদী সমদল উলিয়াই লোকভৱনৰ দিশে আগবাঢ়িছিল বুলি কংগ্ৰেছে উল্লেখ কৰে।
newznow.in