বুধবাৰৰ পৰা শিৱসাগৰ, তেজপুৰ, গোলাঘাট, বৰপেটা, শিলচৰ আৰু সোণকুছিত ক্লাষ্টাৰ ৰাউণ্ড অনুষ্ঠিত হ'ব।
গুৱাহাটী, ১১ নৱেম্বৰ: অসমৰ ঐতিহ্যবাহী ফুটবল প্ৰতিযোগিতা ৭১সংখ্যক বৰদলৈ ট্ৰফীৰ ক্লাষ্টাৰ ৰাউণ্ড বুধবাৰৰ পৰা ৰাজ্যৰ ছটা স্থানত আৰম্ভ হ'ব।
শিৱসাগৰ, তেজপুৰ, গোলাঘাট, বৰপেটা, শিলচৰ আৰু সোণকুছিত প্ৰতিযোগিতাৰ এই পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ'ব।
প্ৰতিটো ক্লাষ্টাৰৰ পৰা দুটাকৈ দলে চূড়ান্ত ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিব।
প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ড ২০ নৱেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব।
newznow.in