জম্মু-কাশ্মীৰৰ কুলগামত এটা নাকাত মটৰচাইকেল আৰোহী সন্দেহভাজন সন্ত্ৰাসবাদীৰ গুলীচালনাত চিআৰপিএফৰ ৩ জন জোৱান আহত হৈছে।
কুলগাম, ১১ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ কুলগাম জিলাত বুধবাৰে মটৰচাইকেলত অহা সন্দেহভাজন সন্ত্ৰাসবাদীয়ে চিআৰপিএফৰ এটা নাকাত গুলীচালনা কৰাত ৩ জন জোৱান আহত হৈছে।
বিষয়াসকলে জনোৱা মতে, দুপৰীয়া প্ৰায় ২.১৫ বজাত কুলগামৰ এটা নাকাত নিয়োজিত চিআৰপিএফ জোৱানসকলক লক্ষ্য কৰি আক্ৰমণকাৰীয়ে গুলীচালনা কৰে।
আক্ৰমণৰ পাছতে অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰি এলেকাটোত তালাচী অভিযান আৰম্ভ কৰা হৈছে।
গুলীবিদ্ধ তিনিজন জোৱানক চিকিৎসাৰ বাবে অনন্তনাগ জিলাৰ এখন ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।
newznow.in