সোণাপুৰত নিশা বাইক আৰু নম্বৰপ্লেটবিহীন ট্ৰেক্টৰৰ সংঘৰ্ষত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে।
সোণাপুৰত নিশা এখন বাইক আৰু ট্ৰেক্টৰৰ মুখামুখি সংঘৰ্ষত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হৈছে।
জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা বাইকখনৰ সৈতে বিপৰীত দিশৰ পৰা অহা এখন নম্বৰপ্লেটবিহীন ট্ৰেক্টৰৰ সংঘৰ্ষ হয়।
অভিযোগ অনুসৰি, ট্ৰেক্টৰচালকজনে সুৰাসক্ত অৱস্থাত ভুল দিশেৰে ট্ৰেক্টৰখন চলাই আহিছিল।
দুৰ্ঘটনাত আহত দুয়োজনকে সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
newznow.in