টেংগাখাতৰ অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মৰ অগ্নিকাণ্ডত নিহত ছয়জন লোকৰ পৰিয়াললৈ ঘোষণা কৰা ২৫ লাখ টকাৰ সাহায্য প্ৰত্যাখ্যান কৰিছে একাংশ পৰিয়ালে।
ডিব্ৰুগড়, ৬ নৱেম্বৰ: টেংগাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰমিডিয়েট টেংক ফাৰ্মত সংঘটিত অগ্নিকাণ্ডত নিহত ছয়জন লোকৰ পৰিয়াললৈ ঘোষণা কৰা ২৫ লাখ টকাৰ এককালীন সাহায্য প্ৰত্যাখ্যান কৰিছে…
উল্লেখ্য যে, অগ্নিকাণ্ডৰ পাছতে নিহত প্ৰতিজন লোকৰ পৰিয়াললৈ পূৰ্বে ঘোষণা কৰা ১০ লাখ টকাৰ সাহায্যৰ পৰিমাণ বৃদ্ধি কৰি ২৫ লাখ টকা কৰাৰ কথা ঘোষণা কৰিছিল অইল ইণ্ডিয়া লিমিটেডে।
ইফালে, ঠিকাদাৰী সংস্থাটোৱেও নিহত প্ৰতিজন লোকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ আৰু আহত প্ৰতিজন লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছিল।
কিন্তু অইলৰ ২৫ লাখ টকাৰ সাহায্যৰ চেক পৰিয়ালসমূহে কিয় প্ৰত্যাখ্যান কৰিলে, সেই সন্দৰ্ভত তেওঁলোকৰ স্পষ্ট বক্তব্য জানিব পৰা নগ’ল।
newznow.in