গোৱালপাৰাৰ হাছিলা বিল, কামৰূপৰ বঙৰা আৰু নগাঁৱৰ কচুৱাৰ উচ্ছেদিত পৰিয়ালসমূহক শীঘ্ৰে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
গুৱাহাটী: অসমৰ তিনিটা অঞ্চলত উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহক শীঘ্ৰে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদান কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
ন্যায়াধীশ দেৱাশিস বৰুৱাৰ নেতৃত্বত গঠিত উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ বিষয়টোত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰী ভূমি, বনাঞ্চল আৰু সংৰক্ষিত অঞ্চল বেদখলমুক্ত কৰাৰ উদ্দেশ্যে বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান চলিছে।
বিশেষকৈ হাছিলা বিল, বঙৰা আৰু কচুৱাৰ উচ্ছেদৰ ঘটনাই পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ প্ৰশ্নটোক গুৰুত্বপূৰ্ণ কৰি তুলিছে।
newznow.in