আন্তঃৰাষ্ট্ৰীয়

নৰৱেত প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰি অস্বস্তিত পেলোৱা হেলে ল্যঙক ভাৰত ভ্ৰমণত বাধা!

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

হায়দৰাবাদৰ ‘ভাৰত ছামিট’ত অংশগ্ৰহণৰ পূৰ্বে নিজৰ ভিছা বাতিল কৰা হৈছে বুলি নৰৱেৰ সাংবাদিক হেলে ল্যঙে দাবী কৰিছে।

২ / ৫

নতুন দিল্লী, ১২ নৱেম্বৰ: নৰৱেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ নিদিয়াক লৈ প্ৰশ্ন কৰি চৰ্চালৈ অহা সাংবাদিক হেলে ল্যঙক ভাৰত ভ্ৰমণত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে।

৩ / ৫

অ’ছলোস্থিত সংবাদপত্ৰ ‘ডাগছাভিছেন’ৰ সাংবাদিক হেলে ল্যঙে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা ভিডিঅ’ত দাবী কৰিছে যে ভাৰতলৈ যাত্ৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পিছত বিমানবন্দৰলৈ যোৱাৰ প্ৰায়…

৪ / ৫

উল্লেখ্য যে ১৩ আৰু ১৪ নৱেম্বৰত হায়দৰাবাদত অনুষ্ঠিত হ’বলগীয়া ‘ভাৰত ছামিট’ত অংশগ্ৰহণৰ বাবে হেলে ল্যঙক আমন্ত্ৰণ জনোৱা হৈছিল।

৫ / ৫

ইয়াৰ পূৰ্বে ২০২৬ চনৰ মে’ মাহত নৰৱেৰ ৰাজধানী অ’ছলোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী জ’নাছ গাৰ ষ্ট’ৰেৰ যুটীয়া সংবাদমেলত প্ৰশ্ন উত্থাপন কৰি চৰ্চালৈ আহিছিল হেলে ল্যং।

নৰৱেত প্ৰধানমন্ত্ৰী মোদীক প্ৰশ্ন কৰি অস্বস্তিত পেলোৱা হেলে ল্যঙক ভাৰত ভ্ৰমণত বাধা!

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক