আগন্তুক ৫ৰ পৰা ১০ বছৰৰ ভিতৰত কৰ্কট ৰোগৰ প্ৰতিষেধক বিশ্বজুৰি উপলব্ধ হোৱাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰিছে বিজ্ঞানী ডাঃ ৰুবুল মাউটে।
গুৱাহাটী, ১২ নৱেম্বৰ: আগন্তুক ৫ৰ পৰা ১০ বছৰৰ ভিতৰত কৰ্কট ৰোগৰ প্ৰতিষেধক বিশ্বজুৰি উপলব্ধ হোৱাৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰিছে বিশিষ্ট বিজ্ঞানী ডাঃ ৰুবুল মাউটে।
বিজ্ঞানীগৰাকীৰ মতে, প্ৰটিন ডিজাইন, কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু জৈৱ-প্ৰযুক্তিৰ অগ্ৰগতিয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন দিশ মুকলি কৰিছে।
প্ৰচলিত চিকিৎসা পদ্ধতিৰ তুলনাত এই নতুন গৱেষণাৰ বিশেষত্ব হৈছে ৰোগীৰ শৰীৰৰ জিনীয় বৈশিষ্ট্য আৰু কৰ্কট কোষৰ গঠন বিশ্লেষণ কৰি চিকিৎসা পদ্ধতি প্ৰস্তুত কৰা।
ডাঃ মাউটৰ মতে, কৰ্কট ৰোগৰ প্ৰতিষেধক উদ্ভাৱনৰ লগতে চিকিৎসাৰ আন আন ক্ষেত্ৰতো গৱেষণাই নতুন সম্ভাৱনা কঢ়িয়াই আনিছে।
newznow.in