হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ১৭ নৱেম্বৰলৈ বৃদ্ধি কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।
গুৱাহাটী, ১৩ নৱেম্বৰ: হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৭ৰ প্ৰ-পত্ৰ পূৰণৰ সময়সীমা বৃদ্ধি কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে।
পৰিষদে জাৰি কৰা নতুন জাননী অনুসৰি, প্ৰ-পত্ৰ পূৰণৰ অন্তিম তাৰিখ ১৭ নৱেম্বৰ নিৰ্ধাৰণ কৰা হৈছে।
ইয়াৰ পূৰ্বে প্ৰ-পত্ৰ পূৰণৰ বাবে নিৰ্ধাৰণ কৰা সময়সীমা বৃদ্ধি কৰি শিক্ষাৰ্থীসকলক অধিক সময় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিষদে।
সেয়েহে, ২০২৭ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া শিক্ষাৰ্থীসকলে ১৭ নৱেম্বৰৰ ভিতৰত প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।
newznow.in