অসম

উচ্ছেদৰ বিৰুদ্ধে ১৯ নৱেম্বৰত দিল্লীত প্ৰতিবাদৰ ঘোষণা এবিএমএছইউৰ

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

সংখ্যালঘু সম্প্ৰদায়ক বাছি বাছি উচ্ছেদ চলোৱাৰ অভিযোগ তুলি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ দাবী কৰিছে এবিএমএছইউৱে।

২ / ৫

তামুলপুৰ, ১৩ নৱেম্বৰ: অসমত সংখ্যালঘু সম্প্ৰদায়ক বাছি বাছি উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ তুলি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে অল বড়োলেণ্ড সংখ্যালঘু ছাত্ৰ সন্থাই।

৩ / ৫

এবিএমএছইউৰ সভাপতি টাইছন হুছেইনে কয় যে নগাঁও, গোৱালপাৰা, লখিমপুৰকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত সংখ্যালঘু লোকসকলক লক্ষ্য কৰি উচ্ছেদ অভিযান চলোৱা হৈছে।

৪ / ৫

উচ্ছেদ অভিযান চলোৱাৰ সময়ত ৰাজ্য চৰকাৰে ভাৰতীয় সংবিধানক যথোচিত গুৰুত্ব দিব লাগিব বুলি হুছেইনে দাবী কৰে।

৫ / ৫

প্ৰস্তাৱিত এছআইআৰ প্ৰক্ৰিয়াক লৈও প্ৰশ্ন উত্থাপন কৰি হুছেইনে কয় যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা প্ৰায় ১৯ লাখ লোক বাদ পৰিছিল।

উচ্ছেদৰ বিৰুদ্ধে ১৯ নৱেম্বৰত দিল্লীত প্ৰতিবাদৰ ঘোষণা এবিএমএছইউৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক