দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ ১৩৭সংখ্যক জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
নতুন দিল্লী, ১৪ নৱেম্বৰ: দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী উপলক্ষে শনিবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
১৮৮৯ চনৰ ১৪ নৱেম্বৰত এলাহাবাদত, বৰ্তমানৰ প্ৰয়াগৰাজত, জন্মগ্ৰহণ কৰিছিল জৱাহৰলাল নেহৰুৱে।
সামাজিক মাধ্যম ‘এক্স’ত এটা বাৰ্তাযোগে প্ৰধানমন্ত্ৰী মোদীয়ে নেহৰুৰ জন্মবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও নেহৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
newznow.in