চিকিৎসাৰ পৰামৰ্শ ল'বলৈ যোৱা এগৰাকী হাউছ ছাৰ্জনক যৌন নিৰ্যাতনৰ অভিযোগত নেডুমাংগাডত ডাঃ ভি কে বিনুক আটক কৰিছে আৰক্ষীয়ে।
তিৰুৱনন্তপুৰম, ১৪ নৱেম্বৰ: কেৰালাৰ এখন চৰকাৰী চিকিৎসালয়ত কৰ্মৰত এগৰাকী হাউছ ছাৰ্জনক যৌন নিৰ্যাতনৰ অভিযোগত চিকিৎসক ডাঃ ভি কে বিনুক আটক কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ তথ্য অনুসৰি, হাউছ ছাৰ্জন হিচাপে কৰ্মৰত স্নাতকোত্তৰ পৰ্যায়ৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে শৰীৰৰ এটা অংশ ফুলি উঠাত চিকিৎসকজনৰ পৰামৰ্শ বিচাৰিছিল।
অভিযোগ অনুসৰি, চিকিৎসকজনে ছাত্ৰীগৰাকীক নিজৰ কোঠালৈ মাতি নি যৌন নিৰ্যাতনৰ চেষ্টা কৰে।
আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি শুকুৰবাৰে নিশা গণতান্ত্ৰিক যুৱ ফেডাৰেচন অৱ ইণ্ডিয়া, চমুকৈ ডি ৱাই এফ আইৰ কৰ্মীসকলে নেডুমাংগাড আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
newznow.in