পাকিস্তানক ১ উইকেটত পৰাস্ত কৰি ভাৰতে অভিলেখসংখ্যক নৱমবাৰৰ বাবে অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ খিতাপ দখল কৰিছে।
মাস্কট, ১৪ নৱেম্বৰ: ৰোমাঞ্চকৰ ফাইনেলত পাকিস্তানক অন্তিম বলত ১ উইকেটত পৰাস্ত কৰি ভাৰতে অনূৰ্ধ্ব-১৯ এছিয়া কাপৰ খিতাপ দখল কৰিছে।
প্ৰথমে বেটিং কৰি পাকিস্তানে ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ৩৩৭ ৰান সংগ্ৰহ কৰে।
ভাৰতৰ হৈ কাব্য পেটেলে ৪টা আৰু চিগুৰুপতি ভেংকটই ৩টা উইকেট দখল কৰে।
৩৩৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ভাৰতে ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ৩৩৯ ৰান সংগ্ৰহ কৰি জয় নিশ্চিত কৰে।
newznow.in