হায়দৰাবাদত অনুষ্ঠিত ভাৰত ছামিটক কেন্দ্ৰ কৰি বিজেপিয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে বিদেশী সংগঠন তথা জৰ্জ ছৰছ-সমৰ্থিত নেটৱৰ্কক মঞ্চ দিয়াৰ অভিযোগ তুলিছে।
ছামিটত ভাষণ দি ৰাহুল গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে।
বিজেপিয়ে ছামিটৰ কেইগৰাকীমান আমন্ত্ৰিত অতিথিৰ বিদেশী সংস্থা আৰু জৰ্জ ছৰছ-সমৰ্থিত নেটৱৰ্কৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ তুলিছে।
ইকুৱেডৰৰ প্ৰাক্তন বিদেশমন্ত্ৰী গিয়ম লঙক আমন্ত্ৰণ জনোৱাক লৈ বিশেষ প্ৰশ্ন উত্থাপন কৰিছে বিজেপিয়ে।
ৰাহুল গান্ধীৰ দাবী, ২০২৪ৰ লোকসভা নিৰ্বাচনত ১৪ কোটি ভোটাৰক ভুলকৈ অস্তিত্বহীন অথবা ভোটাৰ নহয় বুলি চিহ্নিত কৰা হৈছিল।
newznow.in