দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে বিদেশত আত্মগোপন কৰি থকা এজন গেংষ্টাৰৰ সৈতে জড়িত দুজন শ্বুটাৰক গ্ৰেপ্তাৰ কৰি অমিতাভ বচ্চন আৰু দিল্লীৰ এজন ব্যৱসায়ীক লক্ষ্য কৰি কৰা আক্ৰমণৰ পৰিকল্পনা ব্যৰ্থ কৰাৰ দাবী…
নতুন দিল্লী, ১৫ নৱেম্বৰ: বিদেশত আত্মগোপন কৰি থকা এজন গেংষ্টাৰৰ সৈতে জড়িত বুলি অভিযোগ উঠা দুজন শ্বুটাৰক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীৰ বিশেষ কোষে।
ধৃত দুজন হৈছে জলন্ধৰৰ বাসিন্দা বিকাশ ঠাকুৰ ওৰফে বিকি আৰু পঞ্জাবৰ তৰ্ণ তৰণ জিলাৰ দীপক সিং ওৰফে দীপ।
বিদেশত আত্মগোপন কৰি থকা এজন গেংষ্টাৰৰ নিৰ্দেশত দুয়োজনে কাম কৰিছিল বুলি আৰক্ষীৰ অভিযোগ।
৩ অক্টোবৰত অমৃতসৰত মাড সান্ধুক হত্যাৰ ঘটনাত দীপক সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।
newznow.in