গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষী থানাৰ জিম্মাৰ পৰা খিৰিকীৰ গ্ৰীল ভাঙি দুই অভিযুক্ত পলায়ন কৰাৰ অভিযোগ উঠিছে।
গোৱালপাৰা, ১৫ নৱেম্বৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ জিম্মাৰ পৰা দুজন অভিযুক্ত পলায়ন কৰাৰ অভিযোগ উঠিছে।
পলায়ন কৰা অভিযুক্ত দুজনক জন্নতুল ফিৰদৌছ ওৰফে ৰাতুল আৰু নাবিৰ বুলি চিনাক্ত কৰা হৈছে।
নিশা প্ৰায় ১ বজাত আৰক্ষীয়ে ৰাতুলক তেওঁৰ বাসগৃহৰ পৰা আটক কৰিছিল বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ জিম্মাত থকা অৱস্থাত অভিযুক্ত দুজনে থানাখনৰ এখন খিৰিকীৰ গ্ৰীল ভাঙি তাৰ মাজেৰে পলাই যায়।
newznow.in