টেক্সাছৰ ষ্টাৰবেছত কক্ষপথৰ পৰা উভতি অহা ষ্টাৰশ্বিপ মহাকাশযানখন যান্ত্ৰিক বাহুৰে ধৰি উদ্ধাৰ কৰিছে স্পেছএক্সে।
টেক্সাছ, ১৫ নৱেম্বৰ: মহাকাশ অভিযানৰ ইতিহাসত নতুন অভিলেখ গঢ়িছে এলন মাস্কৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান স্পেছএক্সে।
আমেৰিকাৰ টেক্সাছস্থিত ষ্টাৰবেছ উৎক্ষেপণ কেন্দ্ৰত এই ঐতিহাসিক ঘটনা সংঘটিত হয়।
প্ৰায় ২২ ঘণ্টাৰ মহাকাশ যাত্ৰাৰ সময়ত মহাকাশযানখনে পৃথিৱীৰ চাৰিওফালে ১৪টা পৰিক্ৰমা সম্পূৰ্ণ কৰে আৰু ২৬টা ষ্টাৰলিংক উপগ্ৰহ কক্ষপথত স্থাপন কৰে।
উভতি অহাৰ সময়ত ষ্টাৰবেছৰ উৎক্ষেপণ টাৱাৰত সংলগ্ন বিশাল যান্ত্ৰিক বাহু দুটাই মহাকাশযানখনক মাজ আকাশতে ধৰি ৰাখে।
newznow.in