পৰ্যটকক আকৰ্ষণ কৰাৰ লক্ষ্যৰে শ্ৰীভূমি পৌৰসভাই অনুকূল সাগৰ পুখুৰীত স্থাপন কৰা মহাদেৱৰ বিশালাকাৰ মূৰ্তি উন্মোচন কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে।
শ্ৰীভূমি: পৰ্যটকক আকৰ্ষণ কৰাৰ লক্ষ্যৰে শ্ৰীভূমি চহৰৰ অনুকূল সাগৰ পুখুৰীত দেবাদিদেৱ মহাদেৱৰ এক বিশালাকাৰ মূৰ্তি স্থাপন কৰা হৈছে।
দেওবাৰে শ্ৰীভূমি পৌৰসভাৰ উদ্যোগত বৈদিক মন্ত্ৰোচ্চাৰণ আৰু পূজা-অৰ্চনাৰ মাজেৰে মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কৃষ্ণেন্দু পালে।
অনুষ্ঠানত সাধাৰণ ৰাইজৰ লগতে শ্ৰীভূমি পৌৰসভাৰ পৌৰপতি ৰবীন্দ্ৰ দেব, জিলা বিজেপিৰ সভাপতি সঞ্জীৱ বণিক আৰু প্ৰাক্তন জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি…
এই পদক্ষেপৰ জৰিয়তে শ্ৰীভূমি চহৰৰ পৰ্যটন ক্ষেত্ৰখনলৈ নতুন আকৰ্ষণ সংযোজনৰ লক্ষ্য লৈছে পৌৰসভাই।
newznow.in