গুৱাহাটীৰ গড়চুকৰ গাৰুঘুলিত ঘৰ নিৰ্মাণৰ উদ্দেশ্যে পাহাৰৰ মাটি খননৰ অভিযোগ উঠিছে।
মহানগৰীৰ গড়চুকৰ গাৰুঘুলিত পাহাৰ খনন।
জানিব পৰা মতে, এক্সকেভেটৰেৰে একাংশ লোকে পাহাৰৰ ভূমি খনন কৰি আছিল।
খননকাৰ্য চলি থকাৰ সময়তে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয়।
অৱশ্যে, খননকাৰ্য চলোৱাৰ অনুমতি আছিল নে নাই, সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক তথ্য উপলব্ধ হোৱা নাই।
newznow.in