অসম

ওদালগুৰিত আৰক্ষীৰ অভিযান, এদিনতে ৭৭খন বাইকসহ ৮৩জনক আটক

NewzNow · ১৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

ওদালগুৰি জিলাৰ ১০খন থানাত চলোৱা অভিযানত আৰক্ষীয়ে ৭৭খন বাইক-স্কুটি আৰু ৮৩জন লোকক আটক কৰিছে।

২ / ৫

ওদালগুৰি, ১৬ নৱেম্বৰ: ওদালগুৰি জিলাৰ ১০খন থানাত চলোৱা এক অভিযানত আৰক্ষীয়ে ৭৭খন বাইক-স্কুটি আৰু ৮৩জন লোকক আটক কৰিছে।

৩ / ৫

কাজিৰঙাৰ ঘটনাৰ পিছতে ৰাজ্যজুৰি আৰক্ষী প্ৰশাসনে যান-বাহন আইন উলংঘনৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰিছে।

৪ / ৫

অভিযানত ওদালগুৰি সদৰ থানাই ১২খন বাহনসহ ১২জন, ডিমাকুছি থানাই ৬খন বাহনসহ ৭জন, টংলা থানাই ৬খন বাহনসহ ৯জন, খৈৰাবাৰী থানাই ৩খন বাহনসহ ৫জন আৰু কলাইগাঁও থানাই ৯খন বাহনসহ ১২জনক আটক কৰিছে।

৫ / ৫

ইয়াৰ উপৰি মাজবাট থানাই ৫খন বাহনসহ ১৫জন, ওৰাং থানাই ৬খন বাহনসহ ৭জন, হৰিশিঙা থানাই ৮খন বাহনসহ এজন, পানেৰী থানাই ৫খন বাহনসহ ৮জন আৰু ৰৌতা থানাই ৭খন বাহনসহ ৭জনক আটক কৰিছে।

ওদালগুৰিত আৰক্ষীৰ অভিযান, এদিনতে ৭৭খন বাইকসহ ৮৩জনক আটক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক