মঙলবাৰে গুৱাহাটীত পুনৰ হ্ৰাস পালে সোণৰ দাম।
গুৱাহাটী: সোণ ক্ৰেতাৰ বাবে কিছু সকাহৰ খবৰ।
Moneycontrol-ৰ প্ৰতিবেদন অনুসৰি, আজি গুৱাহাটীত ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১২,৩২৪ টকা।
প্ৰতিবেদন অনুসৰি, সোমবাৰৰ তুলনাত ২২ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ২৩ টকা আৰু ২৪ কেৰেট সোণৰ দাম প্ৰতিগ্ৰামত ২৬ টকা হ্ৰাস পাইছে।
আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰৰ শক্তিশালী অৱস্থান, বিশ্ব অৰ্থনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তন আৰু বিনিয়োগকাৰীৰ লাভ সংগ্ৰহৰ ফলত সোণৰ দামত হেঁচা পৰিছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।
newznow.in