এনআৰচি পুনৰীক্ষণৰ দাবীত আছুৰ আবেদন শুনানিৰ বাবে গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰলৈ উত্তৰ দিবলৈ জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।
নতুন দিল্লী, ১৭ নৱেম্বৰ: অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী পুনৰীক্ষণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই দাখিল কৰা আবেদন শুনানিৰ বাবে গ্ৰহণ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।
এই পদক্ষেপৰ পিছতে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, সৰ্বোচ্চ ন্যায়ালয়ৰ তদাৰকত এনআৰচি উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল যদিও ইয়াৰ চূড়ান্ত ফলাফলক লৈ আছু সন্তুষ্ট…
সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰাৰ বাবেই আশা কৰা ধৰণৰ ফলাফল লাভ কৰা নগ'ল বুলি তেওঁ কয়।
অসম চুক্তিৰ আধাৰত এনআৰচি প্ৰস্তুত হ'ব লাগে বুলি উল্লেখ কৰি ভট্টাচাৰ্যই কয়, আছুৰ আবেদন হৈছে এনআৰচিখন পুনৰ পৰীক্ষা কৰি কেৱল ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰা।
newznow.in