জুবিন গাৰ্গৰ জন্মদিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীক স্মৰণ কৰি কয় যে জুবিন আজিও অসমবাসীৰ মাজত জীয়াই আছে।
গুৱাহাটী, ১৮ নৱেম্বৰ: অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে জুবিনৰ অনন্য সংগীত, কণ্ঠ, হৃদয়স্পৰ্শী সৃষ্টি আৰু ব্যক্তিত্বই তেওঁক লাখ লাখ পৰিয়ালৰ আপোন কৰি তুলিছিল।
জুবিনৰ প্ৰতি অসমৰ মানুহৰ আন্তৰিক মৰম, স্নেহ আৰু আবেগ ৰাজ্যৰ প্ৰতিটো কোণত তথা প্ৰতিটো প্ৰজন্মৰ হৃদয়ত চিৰদিন প্ৰতিধ্বনিত হৈ থাকিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায়।
জন্মদিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুৰাগী, গুণমুগ্ধ আৰু সাধাৰণ ৰাইজে জুবিন গাৰ্গক স্মৰণ কৰিছে।
newznow.in