জুবিন গাৰ্গৰ ৫৪সংখ্যক জন্মদিনত জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ অনুমোদন জনালে মুখ্যমন্ত্ৰীয়ে।
গুৱাহাটী/কোকৰাঝাৰ, ১৮ নৱেম্বৰ: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৪সংখ্যক জন্মদিন উপলক্ষে জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্যৰ অনুমোদন জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইফালে, জুবিন গাৰ্গৰ আদৰ্শ আৰু চিন্তা-চেতনা সংৰক্ষণৰ উদ্দেশ্যে ৩০ কোটি টকা আবণ্টনৰ কথা ঘোষণা কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে।
জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে সামাজিক মাধ্যমত এক পোষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ অনুমোদন জনোৱাৰ কথা প্ৰকাশ কৰে।
কোকৰাঝাৰৰ চান্দমাৰিস্থিত জুবিন পাৰ্কত আয়োজিত জন্মদিন উদযাপন অনুষ্ঠানত উপস্থিত থাকি হাগ্ৰামা মহিলাৰীয়ে কয় যে, প্ৰথম পৰ্যায়ৰ কামৰ বাবেও ধনৰ আবণ্টন দিয়া হৈছে।
newznow.in