পঞ্জাবৰ খান্নাত এজন আৰক্ষী সহকাৰী উপ-পৰিদৰ্শকে ঘৰৰ শোৱনি কোঠাৰ গাদীৰ তলত ড্ৰাগছ পেকেট লুকুৱাই থোৱাৰ অভিযোগ উঠিছে।
শোৱনি কোঠাৰ গাদীৰ তলত এটা পেকেট লুকুৱাই থোৱাৰ দৃশ্য ঘৰৰ চিচিটিভি কেমেৰাত ধৰা পৰিছে।
ঘৰখন স্থানীয় শিৱসেনা কৰ্মী মহন্ত কাশ্মীৰ গিৰিৰ।
দৃশ্য পোহৰলৈ অহাৰ পাছত খান্না আৰক্ষীয়ে অভিযুক্ত সহকাৰী উপ-পৰিদৰ্শকজনক তৎক্ষণাত নিলম্বন কৰিছে।
এই ঘটনাত ড্ৰাগছৰ অভিযোগত ধৰা ব্যক্তিজনকো এৰি দিয়া হৈছে।
newznow.in