ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজত স্থাপন কৰা বৰাক পইণ্ট ডিফেন্স মিছাইল ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ইজৰাইলৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে।
নতুন দিল্লী, ১৮ নৱেম্বৰ: ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজসমূহৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইজৰাইলৰ সৈতে ১,৯৭৬.৪০ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ কৰিছে ভাৰতৰ…
ইজৰাইল এৰোস্পেছ ইণ্ডাষ্ট্ৰিজৰ সৈতে এই চুক্তিখন ১৮ নৱেম্বৰত নতুন দিল্লীত স্বাক্ষৰিত হয়।
চুক্তিখনৰ অধীনত ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজত স্থাপন কৰা বৰাক পইণ্ট ডিফেন্স মিছাইল ব্যৱস্থাৰ উন্নীতকৰণ কৰা হ'ব।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ক্ষেপণাস্ত্ৰ ব্যৱস্থাটোৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ ব্যাপক উন্নীতকৰণ কৰা হ'ব।
newznow.in