দুলীয়াজান ট্ৰিপল মাৰ্ডাৰ: তিনিচুকীয়াত আৰক্ষীৰ ক্ৰাইম চিন ৰিক্ৰিয়েট, শ্ৰীপুৰীয়া অভাৰ ব্ৰিজৰ সমীপৰ পৰা ছাতি আৰু কাপোৰ উদ্ধাৰ
যোৱা ১৬ নৱেম্বৰত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডৰ সৈতে জড়িত দুই মূল অভিযুক্ত ৰাজু দাস আৰু আমিৰ দাসক আজি আৰক্ষীয়ে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে তিনিচুকীয়ালৈ লৈ আনে।
হত্যাকাণ্ডৰ পাছত অভিযুক্ত দুটাই গ্ৰহণ কৰা গতিবিধি আৰু পলায়নৰ পথ সম্পৰ্কে নিশ্চিত তথ্য সংগ্ৰহৰ বাবে আৰক্ষীয়ে তিনিচুকীয়া চহৰৰ বিভিন্ন স্থানত ক্ৰাইম চিন ৰিক্ৰিয়েচন (অপৰাধৰ দৃশ্য পুনৰ…
জেৰাৰ সময়ত অভিযুক্ত দুটাই দিয়া স্বীকাৰোক্তি আৰু তথ্যৰ ভিত্তিত উক্ত এলেকাত আৰক্ষীয়ে ব্যাপক তালাচী অভিযান চলায়।
এই অভিযানৰ সময়ত শ্ৰীপুৰীয়া অভাৰ ব্ৰিজ সংলগ্ন অঞ্চলৰ পৰা আৰক্ষীয়ে এটা ছাতি আৰু কেইবাপদো কাপোৰকে ধৰি বহুকেইবিধ গুৰুত্বপূৰ্ণ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
newznow.in