বাহনৰ বয়স অনুসৰি বি এছ-৬ ব্যক্তিগত বাহনৰ পিইউচি প্ৰমাণপত্ৰৰ বৈধতাৰ সময়সীমা নিৰ্ধাৰণৰ নতুন ব্যৱস্থা প্ৰকাশ পাইছে।
বি এছ-৬ শ্ৰেণীৰ ব্যক্তিগত বাহনৰ প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ, অৰ্থাৎ পিইউচিৰ বৈধতাৰ সময়সীমা বাহনৰ বয়স অনুসৰি নিৰ্ধাৰণৰ নতুন নিয়ম প্ৰকাশ পাইছে।
প্ৰদত্ত তথ্য অনুসৰি, ছয় বছৰলৈ পুৰণি বি এছ-৬ ব্যক্তিগত বাহনৰ পিইউচি প্ৰমাণপত্ৰ এবাৰ লাভ কৰাৰ পাছত তিনি বছৰলৈ বৈধ থাকিব।
ছয় বছৰতকৈ অধিক কিন্তু দহ বছৰলৈ পুৰণি বি এছ-৬ ব্যক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰতি বছৰে পিইউচি প্ৰমাণপত্ৰ উলিওৱাটো বাধ্যতামূলক হ'ব।
পুৰণি বাহনসমূহৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই কম সময়ৰ ব্যৱধানত পিইউচি প্ৰমাণপত্ৰ উলিওৱাৰ ব্যৱস্থা বাহাল থাকিব বুলি উল্লেখ কৰা হৈছে।
newznow.in