অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদৰ ১২৩খন গাঁৱৰ ৭১খনৰ ইতিমধ্যে মীমাংসা হৈছে।
ৰয়িং, ২ নৱেম্বৰ: অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ দীৰ্ঘদিনীয়া সীমান্ত বিবাদ নিষ্পত্তিৰ প্ৰক্ৰিয়া আগুৱাই নিয়াৰ উদ্দেশ্যে সোমবাৰে অৰুণাচল প্ৰদেশৰ ৰয়িঙত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ এখন…
ৰয়িঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকখনত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী অজিং টাছিং আৰু অসমৰ মন্ত্ৰী অতুল বৰাই যুটীয়াভাৱে অধ্যক্ষতা কৰে।
২০২২ চনৰ নামচাই ঘোষণা আৰু ২০২৩ চনৰ বুজাবুজিৰ চুক্তিৰ আধাৰত সীমান্ত সমস্যা সমাধানৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে।
বৈঠকত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী অজিং টাছিঙে দুয়োখন ৰাজ্যৰ মাজত থকা ঐতিহাসিক আৰু ভাতৃত্বসুলভ সম্পৰ্কৰ কথা উল্লেখ কৰি ন্যায়সংগত সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
newznow.in