দিল্লীৰ শ্বাহদৰাত আম আদমী পাৰ্টী চমুকৈ আপৰ যুৱ মৰ্চাৰ জিলা সভাপতি অভিষেক ধিংগানৰ কাৰ্যালয়লৈ লক্ষ্য কৰি দুৰ্বৃত্তই ৬টাকৈ গুলী চলায়।
নতুন দিল্লী: ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ শ্বাহদৰাত আম আদমী পাৰ্টী চমুকৈ আপৰ যুৱ মৰ্চাৰ এজন নেতাৰ কাৰ্যালয়ত গুলীচালনাৰ এক ঘটনা সংঘটিত হৈছে।
ঘটনা সন্দৰ্ভত অভিষেক ধিংগানে জানিবলৈ দিয়ে যে তেওঁলোক কাৰ্যালয়ৰ ভিতৰত বহি থকাৰ সময়তে এখন স্কুটীৰে দুজন যুৱক আহি উপস্থিত হয়।
ধিংগানে কয়, "তেওঁলোকে প্ৰৱেশদ্বাৰ আৰু বাহিৰৰ কাঁচলৈ লক্ষ্য কৰি জধেমধে গুলীচালনা কৰে।
ঘটনাটো সংঘটিত কৰিয়েই দুৰ্বৃত্ত দুটা ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
newznow.in