২০১৭ চনৰ সামৰিক অভিযানত গণহত্যা সংঘটিত কৰাৰ দায়ত ম্যানমাৰক দায়ী সাব্যস্ত কৰি ক্ষতিপূৰণ, পুনৰুদ্ধাৰ আৰু নিৰাপদ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে আদালতে।
দ্য হেগ, ২০ নৱেম্বৰ: ৰোহিংগীয়া মুছলমানৰ বিৰুদ্ধে ২০১৭ চনত চলোৱা সামৰিক অভিযানৰ সময়ত গণহত্যা সংঘটিত কৰাৰ বাবে ম্যানমাৰক দায়ী সাব্যস্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে।
আদালতৰ সভাপতি ইউজি ইৱাছাৱাই প্ৰায় তিনি ঘণ্টাজোৰা ৰায়দানত কয় যে, ২০১৭ চনৰ সামৰিক অভিযানৰ সময়ত ম্যানমাৰৰ নিৰাপত্তা বাহিনীয়ে ৰোহিংগীয়া জনগোষ্ঠীৰ বিৰুদ্ধে গণহত্যাৰ উদ্দেশ্যৰে কাৰ্যকলাপ…
নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে সাধাৰণ নাগৰিকক হত্যা, ব্যাপক যৌন হিংসা আৰু শিশুৰ ওপৰত চৰম নিৰ্যাতন চলোৱাৰ অভিযোগো আদালতে বিবেচনা কৰে।
২০১৭ চনৰ অভিযানৰ সময়ত ৭ লাখ ৩০ হাজাৰতকৈ অধিক ৰোহিংগীয়াই চুবুৰীয়া বাংলাদেশলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল।
newznow.in