ৱেলিংটন টেষ্টত মহম্মদ ছিৰাজক প্ৰথম একাদশত স্থান নিদিয়াক লৈ ধৰ্মীয় বৈষম্যৰ ইংগিত দিছে কংগ্ৰেছে।
ৱেলিংটনত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট মেচৰ বাবে ভাৰতীয় দলৰ প্ৰথম একাদশত তাৰকা পেচ বলাৰ মহম্মদ ছিৰাজক স্থান নিদিয়াক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত ৰাজনৈতিক বাকযুদ্ধ আৰম্ভ হৈছে।
“তেওঁৰ নাম ছিৰাজ—সেয়াই জানো যথেষ্ট নহয়?
মাছুদৰ মন্তব্যৰ প্ৰত্যুত্তৰত বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে কংগ্ৰেছে ক্ৰিকেট দলৰ নিৰ্বাচনক সাম্প্ৰদায়িক ৰাজনীতিৰ সৈতে জড়িত কৰিছে বুলি অভিযোগ তোলে।
প্ৰতিগৰাকী ক্ৰিকেটাৰে ভাৰতৰ হৈ খেলিবলৈ জাতীয় জাৰ্ছি পৰিধান কৰে বুলি উল্লেখ কৰি ভাণ্ডাৰীয়ে ক্ৰিকেটৰ মাজত বিভাজন সৃষ্টি নকৰিবলৈ কংগ্ৰেছক আহ্বান জনায়।
newznow.in